Posts

Showing posts from December, 2017

ঐয়া...

নিশাবোৰে বিষাদ কঢ়িয়াই আনে ঐয়া মই তেনে বিষাদত ডুব গৈ চাঁকি চাও WoW, what a sake...! আবেলিৰ সেন্দুৰীয়াকণত বিষাদ লুকাই থাকে মোবাইলৰ স্ক্ৰীণত বিষাদ লুকাই থাকে প্ৰায়ে চকুৰ পতাৰ তলেৰে জুলীয়া হৈ নামি আহে অশ্লীল বিষাদ মোৰ হৃদয়খন নগ্ন কৰি জুলীয়া বিষাদবোৰে মোৰ লগত অভিসাৰত লিপ্ত হয় | মই কোঙা হৈ ৰওঁ বুকুখন শেতেলিত হেচি ধৰো পাইও নোপোৱাৰ বেদনাত আৰু কিমান দিন | আহ বান্ধৈ আহ এটা সপোন ৰচো আহো নদীপৰীয়া গাভৰুৰ কেচা মৰমৰ সপোন নৰাৰে দিয়া চাল, বিৰিণাৰে দিয়া বেৰৰ ঘৰটোৰ মজিয়া গাভৰুৱে বোকাৰে মচি পৱিত্ৰ কৰিব | কলহটোৰে নিজান ঘাটৰ পৰা পানী আনিব বৃদ্ধ বাপেকটোক শোকা টনাৰ বাবে ডবিয়াব আজলী মাকক ৰ'দত গা শুকুওৱাৰ বাবে সেয়া মোৰ ঐয়া হ'ব কুকুৰাই ডাক দিও কি নিদিওতে সিহঁতৰ উড়াল ব্যস্ত হ'ব কলাফুলৰ লহৰত চোতালখন নাচিব বেলি উঠি মূৰ পাওতে মোৰ ঐয়াৰ এখন চাদৰ ওলাব খুউব সম্ভব ঐনিতমৰ চোৰাং কলিত বাটৰুৱাইও মন্তব্য এৰিব | তাকে মই জানিলে খং কৰিম | তাতশালখন পাছফালে সাজি দিম মোৰ ঐয়াক মই লুকুৱাই ৰাখিম দহজনৰ গোপন দৃষ্টিৰ পৰা | ঐয়া তোক জানো মই গোমচেংৰ মেখেলা এযোৰ পিন্ধাব নোৱাৰিম ! আকাশৰ তৰা ...