গাভৰু মাজুলী আৰু ডেকা লুইত
গাভৰু মাজুলীৰ সপোনবোৰ এতিয়া ছিগো ছিগো এঁৱা সুতাৰ নেছাত আবদ্ধ গাভৰু মাজুলীৰ সপোনবোৰ এতিয়া বলিয়া লুইতৰ বলিয়ালিত আবদ্ধ | হয়তো লুইতে পাহৰিছে কোনোবা অতিতৰ প্ৰতিশ্ৰুতি হয়তো লুইতে পাহৰিছে কোনোবোৰ সেউজীয়া দিনৰ স্মৃতি হয়তো লুইতে পাইছে কোনো অচিন গাভৰুৰ নগ্ন সোৱাদ | নাজানো নাজানো , লুইতখননো কিয় বলিয়া হৈছে গাভৰু মাজুলীৰ উমাল পৰশে শীতল কৰিব পৰা নাইনে উচ্ছল নিৰৱধিক ? সেইদিনাৰ আজিতে আছিল সহস্ৰ হেঁপাহৰ উকমূকনি মাজুলীৰ আঁচল খহাই বৈ যোৱাৰ হেঁপাহকনি | কোনো বনৰীয়া নাৰীৰ উন্মাদনাত হেৰাই যোৱা লুইতে আজি সঁচাই পাহৰিলে, দঞিঃ পলঃক সাক্ষী কৰি আপোন কৰি লোৱা মাজুলীক সঁচাই পাহৰিলে দিনৰ পাছত দিন তেওঁৰেই বুকুত বিচৰণ কৰি ফুৰা আমিবোৰক | খুউব সম্ভব বনৰীয়া নাৰীৰ হৃদয় জীপাল কৰিবলৈ আগুৱাইছে আমাৰ ব্ৰহ্মপুত্ৰ অজান মুলূকৰ কোনো ৰঙা মানুহৰ নেতৃত্বত আগুৱাইছে আমাৰ ব্ৰহ্মপুত্ৰ পশ্চিমৰ পৰা পূবলৈ দক্ষিণৰ পৰা উত্তৰলৈ | এনে হোৱাৰটো কথা নাছিল আমি তেনেদৰেই হাঁহিছিলো গাভৰু মাজুলী-ডেকা লুইতৰ মিলনৰ আনন্দত মতলীয়া হৈ | এনে বিনন্দীয়া সপোনত মতলীয়া হৈ আমিয়েইতো ৰচিছিলো সুৰীয়া ...