গাভৰু মাজুলী আৰু ডেকা লুইত

গাভৰু মাজুলীৰ সপোনবোৰ এতিয়া
ছিগো ছিগো এঁৱা সুতাৰ নেছাত আবদ্ধ
গাভৰু মাজুলীৰ সপোনবোৰ এতিয়া
বলিয়া লুইতৰ বলিয়ালিত আবদ্ধ |
হয়তো লুইতে পাহৰিছে
কোনোবা অতিতৰ প্ৰতিশ্ৰুতি
হয়তো লুইতে পাহৰিছে
কোনোবোৰ সেউজীয়া দিনৰ স্মৃতি
হয়তো লুইতে পাইছে
কোনো অচিন গাভৰুৰ নগ্ন সোৱাদ |
নাজানো
নাজানো , লুইতখননো কিয় বলিয়া হৈছে
গাভৰু মাজুলীৰ উমাল পৰশে
শীতল কৰিব পৰা নাইনে
উচ্ছল নিৰৱধিক ?
সেইদিনাৰ আজিতে আছিল
সহস্ৰ হেঁপাহৰ উকমূকনি
মাজুলীৰ আঁচল খহাই
বৈ যোৱাৰ হেঁপাহকনি |
কোনো বনৰীয়া নাৰীৰ উন্মাদনাত
হেৰাই যোৱা লুইতে আজি
সঁচাই পাহৰিলে,
   দঞিঃ পলঃক  সাক্ষী কৰি
আপোন কৰি লোৱা মাজুলীক
সঁচাই পাহৰিলে দিনৰ পাছত দিন 
তেওঁৰেই বুকুত বিচৰণ কৰি ফুৰা আমিবোৰক |
খুউব সম্ভব
বনৰীয়া নাৰীৰ হৃদয় জীপাল কৰিবলৈ
আগুৱাইছে আমাৰ ব্ৰহ্মপুত্ৰ
অজান মুলূকৰ কোনো ৰঙা মানুহৰ নেতৃত্বত আগুৱাইছে আমাৰ ব্ৰহ্মপুত্ৰ
পশ্চিমৰ পৰা পূবলৈ
দক্ষিণৰ পৰা উত্তৰলৈ |
এনে হোৱাৰটো কথা নাছিল
আমি তেনেদৰেই হাঁহিছিলো
গাভৰু মাজুলী-ডেকা লুইতৰ মিলনৰ আনন্দত
মতলীয়া হৈ |
এনে বিনন্দীয়া সপোনত মতলীয়া হৈ
আমিয়েইতো ৰচিছিলো
সুৰীয়া ঐনিতমৰ সুৰ |
সেই সুৰে আজি লুইতৰ বুকু উতলা কৰিব নোৱাৰে
মাজুলীৰ বুকুৰে ভাঁহি অহা
সেই কৰুণ সুৰে
লুইতক আজি কন্দোৱাবও নোৱাৰে |
আধুনিকতাৰ পৰশত হয়তো
উটি গ'ল কোনোজনৰ আত্মিক বান্ধোন
যিদৰে ভাঁহি গ'ল
গাভৰু মাজুলীৰ কেঁচা সপোন |
আপোনজনৰ ৰৌদ্ৰুজ্জল কামনাবোৰ
দঞি:পল:ৰ দৰেই সত্য
বনৰীয়া নাৰীৰ কামনাৰে সিক্ত
অৱশ পুৱাবোৰে জানো দিব পাৰে
মাটিৰ গোন্ধ |

Comments

Popular posts from this blog

ঐয়া

চাকনৈয়াৰ পৰশ

দূৰণিৰ নীল সেই গাঁওখন