চাকনৈয়াৰ পৰশ
কথাবোৰ শুনিবলৈ তাত কোনো নাছিল
আচৰিত শতায়ুৰ চিন্তাত মগন মানৱ
ভমকাফুলীয়া জুইৰ শিখাত
সেউজ পাতৰ ডিম্পল হাঁহি
তেজ বতিয়াই পাহাৰটি
ইতিমধ্যে ভস্ম হৈছে ।
দুচকুৱে বাগৰি গ'ল
শিলত বুকু আছাৰি
ছাইৰঙী নৈৰ চাকনৈয়া
সৰ্বহাৰা পক্ষীৰ ডেউকাত
ধোৱাৰ আকাশ
যিদৰে জ্বলি আছে
মোৰ বুকুৰ তেজ সেউজ উশাহ ।
আচৰিত শতায়ুৰ চিন্তাত মগন মানৱ
ভমকাফুলীয়া জুইৰ শিখাত
সেউজ পাতৰ ডিম্পল হাঁহি
তেজ বতিয়াই পাহাৰটি
ইতিমধ্যে ভস্ম হৈছে ।
দুচকুৱে বাগৰি গ'ল
শিলত বুকু আছাৰি
ছাইৰঙী নৈৰ চাকনৈয়া
সৰ্বহাৰা পক্ষীৰ ডেউকাত
ধোৱাৰ আকাশ
যিদৰে জ্বলি আছে
মোৰ বুকুৰ তেজ সেউজ উশাহ ।
Comments
Post a Comment