মাটিকলহ
মাটি কলহ এটা হোৱাৰ হাবিয়াসে
মোক বাৰকৈয়ে বন্দী কৰি ৰাখিছে
সেইযে মাটি কলহটো
তাৰ ব্যস্ততাই মোক বাৰুকৈয়ে চেপিছে
বগা জোনটো ৰঙা বেলি হোৱাৰ আগৰে পৰা
কলহটোৰ ব্যস্ততা বাঢ়ে |
কলহটোৰ ব্যস্ততা বাঢ়ে |
নদীলৈ যাব লাগে
পানী টুকি সিজাব লাগে চাউল
পানী টুকি সিজাব লাগে চাউল
জাকৈয়া ছোৱালীৰ মেলত
কলহটোৰ গুৰুত্ব বাঢ়ে
কলহটোৰ গুৰুত্ব বাঢ়ে
কাৰোবাৰ বুকু পোৰা শলিতাৰ পৰা আৰম্ভ কৰি
চেনাইৰ ৰূপ-যৌৱনৰ সাধুকথাত ভৰ দিয়ালৈকে
চেনাইৰ ৰূপ-যৌৱনৰ সাধুকথাত ভৰ দিয়ালৈকে
মাটি কলহটোত লাহে লাহে পানী ভৰিয়েই থাকে
নৈখনৰ ঢৌবোৰে সোণালী সূতাকাটে
সৰাপাতে ঢৌৰ গাত গা লগাই আকৌ গাধূৱে |
নৈখনৰ ঢৌবোৰে সোণালী সূতাকাটে
সৰাপাতে ঢৌৰ গাত গা লগাই আকৌ গাধূৱে |
মাটিকলহটোৱে সৰাপাতবোৰলৈ চাই থাকে
পানীভৰিলে মাটি কলহটো
আকৌ নিজৰ ঠাইলৈ ঘূৰে |
পানীভৰিলে মাটি কলহটো
আকৌ নিজৰ ঠাইলৈ ঘূৰে |
কনেঙহঁতৰ কঁকালত কিযে চিকুটা চিকুটি
সি চাগে লাজৰ বনভোজ খাবও জানে |
সি চাগে লাজৰ বনভোজ খাবও জানে |
মাটিৰ কলহটো দেখিলে মোৰ বিৰাট ঈৰ্ষা
তাৰ দৰে ব্যস্ত কেঁকুৰী এটাত
মেঘৰ চিঠি এখন অহা হ'লে
মই কিজানি বৰষুণেই হ'লোহেতেন |
তাৰ দৰে ব্যস্ত কেঁকুৰী এটাত
মেঘৰ চিঠি এখন অহা হ'লে
মই কিজানি বৰষুণেই হ'লোহেতেন |
Comments
Post a Comment