প্ৰিয়তমা নাৰী

মোৰ প্ৰিয়তমা নাৰী তুমি
মৰমৰ হেন্দুলনীত দো খাই পৰা হৃদয়খনে
আজি খৰকৈ উশাহ সলাইছে
তোমাক পোৱাৰ বাসনাৰে
ভাল লগাৰ পুলিবোৰ লহপহকৈ বাঢ়িছে...
তোমাৰ যত্নত |

আৰুযে আমাৰ সপোনবোৰ ! জানানে...
সিহতে এখন সাঁকো সাজিছে
হৃদয়ৰ পৰা হৃদয়লৈ
তোমাৰ পৰা মোলৈ |
সাঁকোখন ভাগিব নিদিবা কদাচিতো |

মনত আছেনে?
তুমিযে এদিন কৈছিলা..
প্ৰতিশ্ৰুতি দিছিলা...
"মই সদায় তুমাৰেই"
আজিও তাক মই বুকুত কঢ়িয়াও |
এবুকু  উষ্ণ তেজৰ মাজত ৰাখো
আৰু সদায় ৰাখিম |

Comments

Popular posts from this blog

ঐয়া

চাকনৈয়াৰ পৰশ

দূৰণিৰ নীল সেই গাঁওখন