মুখ আৰু মুখা
১ মানুহ আৰু কবি একে নহয় | ২ মানুহৰ মুখা থাকে কবিৰ নাথাকে কাৰণ কবি মুখাৰে নিৰ্মিত মানুহৰ অপবাদ থাকে কবিৰ নাথাকে| মানুহৰ দুৰ্ঘটনা থাকে কবিৰ নাথাকে | কাৰণ কবি দুৰ্ঘটনাতেই জন্ম | ৩ পৃথিৱীৰ সমস্ত গ্লানি-গৰিহনা কবিয়ে বয় | কাৰণ মানুহ সৰল মূৰ্খ আৰু কবি জটিল মূৰ্খ | কাব্য ভ্ৰমৰ পৃষ্ঠভূমিত সৃষ্টি হোৱা কবিৰ এনে বিশৃংখল ধাৰণা কোনো মানুহেই সহজভাবে নলয় | কাৰণ কওতাৰ ভ্ৰম নে শুনোতাৰ? নে এই পাঠ পঢ়োতাৰ সেই সিদ্ধান্তৰ ভাৰ কবিৰ অনুগামীসকলৰ |