মাটিকলহ
মাটি কলহ এটা হোৱাৰ হাবিয়াসে মোক বাৰকৈয়ে বন্দী কৰি ৰাখিছে সেইযে মাটি কলহটো তাৰ ব্যস্ততাই মোক বাৰুকৈয়ে চেপিছে বগা জোনটো ৰঙা বেলি হোৱাৰ আগৰে পৰা কলহটোৰ ব্যস্ততা বাঢ়ে | নদীলৈ যাব লাগে পানী টুকি সিজাব লাগে চাউল জাকৈয়া ছোৱালীৰ মেলত কলহটোৰ গুৰুত্ব বাঢ়ে কাৰোবাৰ বুকু পোৰা শলিতাৰ পৰা আৰম্ভ কৰি চেনাইৰ ৰূপ-যৌৱনৰ সাধুকথাত ভৰ দিয়ালৈকে মাটি কলহটোত লাহে লাহে পানী ভৰিয়েই থাকে নৈখনৰ ঢৌবোৰে সোণালী সূতাকাটে সৰাপাতে ঢৌৰ গাত গা লগাই আকৌ গাধূৱে | মাটিকলহটোৱে সৰাপাতবোৰলৈ চাই থাকে পানীভৰিলে মাটি কলহটো আকৌ নিজৰ ঠাইলৈ ঘূৰে | কনেঙহঁতৰ কঁকালত কিযে চিকুটা চিকুটি সি চাগে লাজৰ বনভোজ খাবও জানে | মাটিৰ কলহটো দেখিলে মোৰ বিৰাট ঈৰ্ষা তাৰ দৰে ব্যস্ত কেঁকুৰী এটাত মেঘৰ চিঠি এখন অহা হ'লে মই কিজানি বৰষুণেই হ'লোহেতেন |