সোঁৱৰণী

   নি:সংগতাৰ ভৰত কোঙা হ'ব খোজা বুকুখন
   আজি আকৌ বিষাইছে |
   গোজেই গজালী হোৱাদে
   কিয় বাৰু আঁতৰি গৈছ
    এখোজ দুখোজকৈ

   তাতেই গুজিছিলি গোজটো
   এতিয়া সি শিপাইছে
   পুণৰাই নি:সংগ কৰাৰ প্ৰতিশ্ৰুতি দিছে
   আৰু  আমাৰ সময়বোৰ?
   কৃষ্ণ গহ্বৰৰ অতল তলিৰ পৰা
   সিঁহতে আজিও ৰিঙিয়াই মোক
আৰু তেতিয়া ,
     মই মোক সুধো...
লুইতপৰীয়া কনেংজনীয় বাৰু এতিয়া কি কৰিছে!!
  চাকিচেনে? প্ৰিয়জনৰ বাবে এবাটি মিঠা আপং
                               !!!!!!!!!

Comments

Popular posts from this blog

ঐয়া

চাকনৈয়াৰ পৰশ

দূৰণিৰ নীল সেই গাঁওখন