ঐয়া

মোৰ ছাদলৈ যেতিয়া জোনাক নামিব
তোমাৰ খবৰ সুধিম
দুচকু সেমেকিব
শিঙৰাই বিন্ধিব কলিজাটো
শেতা পৰিব হাজাৰ সেউজীয়া |
ঐয়া
গাঁৱৰ সেই দীঘলীয়া আলিবাট
যি বাটে পাৰ হ'ল শৈশৱ
কৈশোৰৰ কেঁচা মাটিৰ ঘাম
তোমাৰ খোজ, মোৰ খোজ
উশাহ আৰু নিশাহ
লেখি লেখি শেষ নহয়
তুমি হাহিছিলা
মই লাজ পাইছিলো
আইয়ে সিঁ দিয়া পতলুংৰ সীয়নি
ফাটিছিল |
সেই আলিবাট আজি নাই
তই জানো খবৰ ৰাখ?
কালি এখন চিঠি আহিছিল
পিতায়ে লিখা এখন চিঠি
কপা কপা হাতেৰে
মই চিনিছিলো, আইয়ে কান্দিছিল
পিতাইৰ হেনু টোপনিয়েই নাই
ৰাতি হলেই হাতিজাক উজাই আহে
উদং কৰে বুকুৰ সেউজীয়া
কাঢ়ি নিয়ে হেপাঁহ |
পিতায়ে কৈছিল...
বোপাই তই কুশলে থাক
মই উচুপিলো, খৰাং হ'ল বুকু
সৰাপাত হৈ পৰিল চকুৰ পানী
ঐয়া তই কথাবোৰ শুনিছনে?
নৈৰ পাৰৰ চাপৰিটোও বোলে আজি নাই
লুইতে খহাই নিলে
মনকায়ে বেজাৰ কৰে...
বৌজনীৰ বাবে সঁজা ঘৰটোৰ
আজি চিন চাবেই নাই
ঐয়া......

Comments

Popular posts from this blog

চাকনৈয়াৰ পৰশ

দূৰণিৰ নীল সেই গাঁওখন