দুপাহ পোহৰ
কাচিৎ মুখৰ সৈতে মুখামুখি
চমৎকাৰ মুখাভিনয়
জল দাপোণত জীয়া সপোন
এৰি থৈ যায় লহমাৰ ঢৌ
কিনো আছিল কিনো পাম
কিয়েইবা এৰি থৈ যাম
জীৱনৰ বাবে জীয়া ৰং লাগে
এটা নিজান গধূলীৰ দৰে
অলপ সকাহ লাগে
চাই ভাল লাগে চকু
অহংকাৰী আকাশ পাৰ সৈ
কোলাত নাচে অলপ মৰম
কোন বাটত কোন ৰৈ থাকে
কোনেও নাজানে
হুমোনিয়হৰ জুমুঠি পুৰি
পাৰ হৈ যায় জীৱন
চকুলৈ চাই ভাল লাগে
অহৰহ কথা
মুখতকৈ চকু বিশ্বাসী
চকু সহজতে বন্দী হয়
চকুৱে কথা কয়
তাৰেই কাৰো হুবহু অনুবাদ ।
চমৎকাৰ মুখাভিনয়
জল দাপোণত জীয়া সপোন
এৰি থৈ যায় লহমাৰ ঢৌ
কিনো আছিল কিনো পাম
কিয়েইবা এৰি থৈ যাম
জীৱনৰ বাবে জীয়া ৰং লাগে
এটা নিজান গধূলীৰ দৰে
অলপ সকাহ লাগে
চাই ভাল লাগে চকু
অহংকাৰী আকাশ পাৰ সৈ
কোলাত নাচে অলপ মৰম
কোন বাটত কোন ৰৈ থাকে
কোনেও নাজানে
হুমোনিয়হৰ জুমুঠি পুৰি
পাৰ হৈ যায় জীৱন
চকুলৈ চাই ভাল লাগে
অহৰহ কথা
মুখতকৈ চকু বিশ্বাসী
চকু সহজতে বন্দী হয়
চকুৱে কথা কয়
তাৰেই কাৰো হুবহু অনুবাদ ।
Comments
Post a Comment