আবেলি সজা ঘৰটো দেখিছ??
আশাৰ লানি নিছিগা শাৰী বব ধৰিছে
যেন চেলা গিৰিপথৰ
ভাৰতীয় সেনাৰ দলটোহে
হেপাঁহবোৰে উকমুকাইছে |
আজিৰ আবেলিটো মোক লাগিব,
অলপ কাম আছে
এটা ঘৰ সাজিম
খটখটী লগা, মোৰ বুকুতে |
মই আৰু তই
সি আৰু তাই
থাকিব |
পাছফালে নৈখন বব
ধপ্ ধপ্.....ধপ্ ধপ্....কৰি
সাতুৰিবিনে তাত!??
বুকুৰ নৈখনতো ধপ্ ধপ্ কৰিয়ে বয়,নহয়নে!
Comments
Post a Comment