যোৱা নিশাৰ ডায়েৰী Get link Facebook X Pinterest Email Other Apps May 02, 2017 "" যোৱা নিশা মোৰ ডায়েৰীৰ এটা পৃষ্ঠা হঠাতে ক'লা হৈ পৰিল | ঘিটমিটীয়া অন্ধকাৰত খুব সম্ভব মোৰ আগেৰে কলা মেকুৰী পাৰ হৈ গৈছিল, আপংৰ নিচাত গম নাপালো|"" Get link Facebook X Pinterest Email Other Apps Comments
ঐয়া October 04, 2018 মোৰ ছাদলৈ যেতিয়া জোনাক নামিব তোমাৰ খবৰ সুধিম দুচকু সেমেকিব শিঙৰাই বিন্ধিব কলিজাটো শেতা পৰিব হাজাৰ সেউজীয়া | ঐয়া গাঁৱৰ সেই দীঘলীয়া আলিবাট যি বাটে পাৰ হ'ল শৈশৱ কৈশোৰৰ কেঁচা মাটিৰ ঘাম তোমাৰ খোজ, মোৰ খোজ উশাহ আৰু নিশাহ লেখি লেখি শেষ নহয় তুমি হাহিছিলা মই লাজ পাইছিলো আইয়ে সিঁ দিয়া পতলুংৰ সীয়নি ফাটিছিল | সেই আলিবাট আজি নাই তই জানো খবৰ ৰাখ? কালি এখন চিঠি আহিছিল পিতায়ে লিখা এখন চিঠি কপা কপা হাতেৰে মই চিনিছিলো, আইয়ে কান্দিছিল পিতাইৰ হেনু টোপনিয়েই নাই ৰাতি হলেই হাতিজাক উজাই আহে উদং কৰে বুকুৰ সেউজীয়া কাঢ়ি নিয়ে হেপাঁহ | পিতায়ে কৈছিল... বোপাই তই কুশলে থাক মই উচুপিলো, খৰাং হ'ল বুকু সৰাপাত হৈ পৰিল চকুৰ পানী ঐয়া তই কথাবোৰ শুনিছনে? নৈৰ পাৰৰ চাপৰিটোও বোলে আজি নাই লুইতে খহাই নিলে মনকায়ে বেজাৰ কৰে... বৌজনীৰ বাবে সঁজা ঘৰটোৰ আজি চিন চাবেই নাই ঐয়া...... Read more
দুপাহ পোহৰ July 08, 2020 কাচিৎ মুখৰ সৈতে মুখামুখি চমৎকাৰ মুখাভিনয় জল দাপোণত জীয়া সপোন এৰি থৈ যায় লহমাৰ ঢৌ কিনো আছিল কিনো পাম কিয়েইবা এৰি থৈ যাম জীৱনৰ বাবে জীয়া ৰং লাগে এটা নিজান গধূলীৰ দৰে অলপ সকাহ লাগে চাই ভাল লাগে চকু অহংকাৰী আকাশ পাৰ সৈ কোলাত নাচে অলপ মৰম কোন বাটত কোন ৰৈ থাকে কোনেও নাজানে হুমোনিয়হৰ জুমুঠি পুৰি পাৰ হৈ যায় জীৱন চকুলৈ চাই ভাল লাগে অহৰহ কথা মুখতকৈ চকু বিশ্বাসী চকু সহজতে বন্দী হয় চকুৱে কথা কয় তাৰেই কাৰো হুবহু অনুবাদ । Read more
দূৰণিৰ নীল সেই গাঁওখন May 02, 2017 ""দূৰণিৰ নীল সেই গাঁওখনলৈ এইবেলি সোনকালে আঘোণ আহিল-আহিনতে? এইবাৰ ব’হাগৰ ঢল নাহেনেকি? উজানৰ বগা মাছে ৰূপোৱালী নকৰে নিজৰা? আষাঢ়ৰ ক’লা মেঘ পাহাৰৰ সিপাৰে থাকিল৷ পাহাৰ ইমান ওখ! ওখনে মেঘতকৈও? ওখনে প্ৰেমতকৈও?"" Read more
Comments
Post a Comment