কিয়ইবা মোৰ এনে চেষ্টা!!

আকাশৰ জোন তই
মই কেৱল চাবহে পাৰো, হুমূনিয়াহ পেলাই
স্পৰ্শ কৰিব নোৱাৰো
এয়া মোৰ ব্যৰ্থতা নহয়
নহয় মোৰ বাবে তোৰ এয়া উপহাস !
এয়া তোৰ অহংকাৰ
কেৱল তোৰ |
তোৰ মনত পোহৰ সিচিব নোৱাৰো মই
এয়া মোৰ ব্যৰ্থতা নহয়
নহয় মোৰ হৃদয়হীনতা
এয়া কেৱল তোৰ বিকল হৃদয়ৰ উন্মুক্ত অংশ |
নাথাকিব পাৰে তোক বিশেষণ কৰাৰ
মোৰ অধিকাৰ
হ'ব পাৰে এয়া মোৰ বৃথা গান
অথবা বিষন্ন গধূলী
নাজানো কিয়ইবা মোৰ এনে প্ৰচেষ্টা!!
পাহাৰৰ ওপৰেৰে বাগৰি অহা বতাহতো থাকে যৌৱনৰ গোন্ধ
পষেকত জোনজনী গাভৰু হ'ল বুলিয়েই
তয়ো বুলিবিনে "এয়া মোৰ পছোৱা অহা বাট"

Comments

Popular posts from this blog

ঐয়া

চাকনৈয়াৰ পৰশ

দূৰণিৰ নীল সেই গাঁওখন