আজলী পথাৰখন
আজলী পথাৰখন ক্ৰমাত চঞ্চল হৈ পৰিছে
নাঙলৰ সিৰলু আৰু বৰষুণৰ টোপালে যে তাইক পুষ্টি যাচিচে |
পাটগাভৰু গাভৰু হোৱাৰ চঞ্চল কছৰতত
নাঙলৰ গৰাকীৰ মুখখন বাৰুকৈয়ে উদ্ভাসিত হৈছে |
নাঙলৰ সিৰলু আৰু বৰষুণৰ টোপালে যে তাইক পুষ্টি যাচিচে |
পাটগাভৰু গাভৰু হোৱাৰ চঞ্চল কছৰতত
নাঙলৰ গৰাকীৰ মুখখন বাৰুকৈয়ে উদ্ভাসিত হৈছে |
দুদিনৰ পাছত তাই ভৰুণ হ'ব
দুদিনৰ পাছত পাটগাভৰুজনী গাভৰু হ'ব
নাঙলৰ গৰাকীৰ বুকুত হেপাহৰ কঠীয়া সিঁচি |
দুদিনৰ পাছত পাটগাভৰুজনী গাভৰু হ'ব
নাঙলৰ গৰাকীৰ বুকুত হেপাহৰ কঠীয়া সিঁচি |
তাইক চাবলৈ আমি যাম তেতিয়া
আহিন-কাতিৰ দোমাহী দিনটোতে |
আমাক সাক্ষী কৰি আবেলীৰ বেলিটোৱে
তাইক অকণ বৈধ সেন্দুৰ যাঁচিব |
আহিন-কাতিৰ দোমাহী দিনটোতে |
আমাক সাক্ষী কৰি আবেলীৰ বেলিটোৱে
তাইক অকণ বৈধ সেন্দুৰ যাঁচিব |
ক্ৰমাত নাঙলৰ গৰাকীৰ বুকুত সিচা কঠীয়াবোৰ পূৰঠ হ'ব |
লগে লগে আমাৰ এসময়ৰ গাভৰুজনীৰ গৰ্ভয়ো |
লগে লগে আমাৰ এসময়ৰ গাভৰুজনীৰ গৰ্ভয়ো |
ক্ৰমাত তাই যেন বুজন হৈ উঠিব
নাঙলৰ গৰাকীৰ সপোনবোৰ দিঠক কৰাৰ
তাইয়ে যে একমাত্ৰ জীৱন্ত প্ৰতিশ্ৰুতি |
নাঙলৰ গৰাকীৰ সপোনবোৰ দিঠক কৰাৰ
তাইয়ে যে একমাত্ৰ জীৱন্ত প্ৰতিশ্ৰুতি |
ক্ৰমাত নাঙলৰ গৰাকীৰ বুকুৰ কঠীয়াবোৰ সোণোৱালী হ'ব |
আৰু হুমুনীয়াহবোৰ জীন যাব তেনে সোণোৱালী দৃষ্টিত |
আমি আকৌ এদিন যাম
সোণোৱালী মাতৃৰ সাদিনীয়া জাল দিয়া খাবলৈ |
আৰু হুমুনীয়াহবোৰ জীন যাব তেনে সোণোৱালী দৃষ্টিত |
আমি আকৌ এদিন যাম
সোণোৱালী মাতৃৰ সাদিনীয়া জাল দিয়া খাবলৈ |
তেতিয়া সময় হ'ব
নাঙলৰ গৰাকীৰ শেষ ঋতুত
শেষ টোপাল ঘাম পেলোৱাৰ |
আৰু আমি?? আমি মাথো চাই ৰম
ক্ৰমাত লঠঙা হৈ অহা এসময়ৰ
চঞ্চল গাভৰুজনীলৈ |
পুণৰাই বৰষুণৰ টোপাল আৰু নাঙলৰ সিৰলুৰ মিঠা স্পৰ্শ পোৱালৈ |
নাঙলৰ গৰাকীৰ শেষ ঋতুত
শেষ টোপাল ঘাম পেলোৱাৰ |
আৰু আমি?? আমি মাথো চাই ৰম
ক্ৰমাত লঠঙা হৈ অহা এসময়ৰ
চঞ্চল গাভৰুজনীলৈ |
পুণৰাই বৰষুণৰ টোপাল আৰু নাঙলৰ সিৰলুৰ মিঠা স্পৰ্শ পোৱালৈ |
Comments
Post a Comment