এটা বিষন্ন গধূলিৰ কবিতা
এতিয়া মই গুণগুণাব খুজিলেও
গুণগুণাব নোৱাৰো মোৰ প্ৰিয় গান, প্ৰিয় কবিতা
চুইচাব খুজিলেও চুব নোৱাৰো
নৈৰ পাৰৰ নিৰ্জনতা কিম্বা
বাঁহ গছৰ তলেৰে সৰি পৰা আবেলিটো
আচলতে,
বুকুৰ যি বাটেৰে অহৰহ বৈ থাকে
এখন সেউজীয়া নদী
মোৰ বুকুৰ সেইটো বাটেৰে এতিয়া
ক্ৰমাত উজাই আহিছে এটি বিষন্ন গধূলি
যি মোৰ গোটেই বুকুখনকে ক্ৰমশ
কৰি তুলিছে ধূলিময় |
Comments
Post a Comment