সোণবাহী নৈবোৰ
সোণবাহী নৈবোৰে হেৰুৱাই আছে
পানীৰ সুনীল স্বচ্ছতা
পানীত প্ৰতিফলিত নহয়
দিন ৰাতিৰ পাৰ্থক্য
সৰ্বত্ৰ সিঁচৰতি ভণ্ডামি,অস্বচ্ছতা |
বৰ্বৰৰ মত্ততাত হেৰাই যায়
নৈয়ে বৈ অনা কবিতাৰ অমিত আখ্যান |
নৈ মৰি আছে
নৈক লৈ নিৰ্মিত কবিতাবোৰ হেৰাই আছে |
সোণবাহী নৈবোৰত বৈছে
লুণীয়া চকুপানী
হা-ভাত হা-কাপোৰৰ ব্যাথা|
সচাই মূৰ দোঁৱাই জীয়াই থকাটো
মৃত্যুৰ নামান্তৰ মাথো |
Comments
Post a Comment