তই মাজুলীৰ মিছিং ছোৱালী
তই মাজুলীৰ মিছিং ছোৱালী
মিছা নহয় , আনৰ তুলনাত কিছু আজলী
যৌবনে বুকুত আয়াং একুম সাজিলে
তথাপি দেখোন গমেই নাপালি |
তই নদীৰ জীয়াৰি
শাঁওণ তোৰ বাবে চিনাকী
আৰু চিনাকী খেকিয়কৰ ঘাম আৰু চকুপানী |
তই বৰষুণৰ দৰে চিপচিপীয়া
তই নামচিঙৰ দৰে মলমলীয়া
তই অইঃনিতমৰ দৰে সুৰীয়া
আৰু আলি-আই-লৃগাঙৰ দৰে ধূনীয়া|
তোৰ ভালপোৱা দঃঞি-পলৰ দৰে সঁচা
সঁচা এন্ধাৰ আৰু পোহৰৰ দৰে
সঁচা জন্ম আৰু মৃত্যুৰ দৰে
সঁচা জুই আৰু পোহৰৰ দৰে |
আৰু তোৰ ভালপোৱাৰ নিচা?
নগজিন কিম্বা পঃৰ আপঙৰ দৰে জীপজীপীয়া |
গাভৰু মাজুলীয়ে কিমান আপোন ভাবি
লুইতৰ বুকুত শুই আছে
তই জান' !
তই ভালদৰে জান'
মৰম কৰাৰ চলেৰে লুইতে মাজুলীক উষ্ম চুমাৰে
কিমানবাৰ বুকুৰ আচল খহাই |
তই মাজুলীৰ মিছিং ছোৱালী
মিচা নহয়, আনৰ তুলনাত কিছু আজলী |
Comments
Post a Comment