হৃদয়ৰ ভাষাৰে

ৰুগ্ন কন্ঠত হেৰাই মোৰ কবিতাৰ ছন্দ
তোমাৰ এষাৰী মাতত জন্মে,
জোনাকৰ নতুন দিগন্ত......|

মৌন জোনাকত সপোনৰ গোপন গাঁথা
দুৱৰিৰ বুকুত শেৱালীৰ আজি
নিনাদৰ মেলা |

নিশা নিৰলে নামিবা তুমি মোৰ চকুলে
এমুঠি সপোনৰ পাপৰি ফুলিব মোৰ বুকুতে,
গোপনে গোপনে কোনও নজনাকে |

সপোন মগন হিয়াত তোমাৰ মৰম এধানি
সুখৰ ৰাগিত নাচে আজি প্ৰাণৰ হৰিণী |

মোৰ মন শৰতৰ পদুলিত নিয়ৰ সৰিল
মিঠা মিঠা এটি সুগন্ধিত
মনত জোনাক নামিল |

জিলমিল জোনাকৰ চিকমিক বিজুলী
কাৰ পৰশত বাজে আজি
প্ৰেমৰ ৰাগিনী??

হৰিণী নয়না তোমাৰ দুচকু ধুনিয়া
এপলক চাৱনিত মোৰ মন বলিয়া |

দুচকুৰ আঁতৰত আজি তোমাৰ ঠিকনা
অন্তহীন সাগৰত মই দিশহাৰা |

প্ৰেমৰ সাগৰত আজি ৰুদ্ধ দুৱাৰ
অযুত হেঁপাহ আছিল মোৰ,
তোমাক পোৱাৰ |


Comments

Popular posts from this blog

ঐয়া

চাকনৈয়াৰ পৰশ

দূৰণিৰ নীল সেই গাঁওখন