শামুকভঙাৰ গাথা

এটা কবিতা লিখাৰ হেপাঁহ বহুদিনীয়া
যেন নেপালী কমাৰৰ কাঁচি খনৰ দৰেই চকচকীয়া
দুটা কি তিনিটা পষেকেই আকাশৰ তল
বাকিবোৰ দিন তাৰবাবে ৰসাতল
হয়তোবা ধোৱাচাঙত গা টঙাই
  আঘোনী দাৱনীক ৰান্ধনী হোৱা চায় |
দাৱনী গাভৰুহলেতো কথাই নাই
ম'হজোকেও বাৰেপতি মুৰদাঙি চায় |
নদীৰ শামুকভঙাৰো কাহিনী একেটাই
বুকপোৰা শলিতাই হেপাঁহৰ সন্ধিয়া উজলাই |

Comments

Popular posts from this blog

ঐয়া

দুপাহ পোহৰ

দূৰণিৰ নীল সেই গাঁওখন