Posts

চাকনৈয়াৰ পৰশ

কথাবোৰ শুনিবলৈ তাত কোনো নাছিল আচৰিত শতায়ুৰ চিন্তাত মগন মানৱ ভমকাফুলীয়া জুইৰ শিখাত সেউজ পাতৰ ডিম্পল হাঁহি তেজ বতিয়াই পাহাৰটি ইতিমধ্যে ভস্ম হৈছে । দুচকুৱে বাগৰি গ'ল শিলত বুকু আছাৰি ছাইৰঙী নৈৰ চাকনৈয়া সৰ্বহাৰা পক্ষীৰ ডেউকাত ধোৱাৰ আকাশ যিদৰে জ্বলি আছে মোৰ বুকুৰ তেজ সেউজ উশাহ ।

দুপাহ পোহৰ

কাচিৎ মুখৰ সৈতে মুখামুখি চমৎকাৰ মুখাভিনয় জল দাপোণত জীয়া সপোন এৰি থৈ যায় লহমাৰ ঢৌ কিনো আছিল কিনো পাম কিয়েইবা এৰি থৈ যাম জীৱনৰ বাবে জীয়া ৰং লাগে এটা নিজান গধূলীৰ দৰে অলপ সকাহ লাগে চাই ভাল লাগে চকু অহংকাৰী আকাশ পাৰ সৈ কোলাত নাচে অলপ মৰম কোন বাটত কোন ৰৈ থাকে কোনেও নাজানে হুমোনিয়হৰ জুমুঠি পুৰি পাৰ হৈ যায় জীৱন চকুলৈ চাই ভাল লাগে অহৰহ কথা মুখতকৈ চকু বিশ্বাসী চকু সহজতে বন্দী হয় চকুৱে কথা কয় তাৰেই কাৰো হুবহু অনুবাদ ।

ঐয়া

মোৰ ছাদলৈ যেতিয়া জোনাক নামিব তোমাৰ খবৰ সুধিম দুচকু সেমেকিব শিঙৰাই বিন্ধিব কলিজাটো শেতা পৰিব হাজাৰ সেউজীয়া | ঐয়া গাঁৱৰ সেই দীঘলীয়া আলিবাট যি বাটে পাৰ হ'ল শৈশৱ কৈশোৰৰ কেঁচা মাটিৰ ঘাম তোমাৰ খোজ, মোৰ খোজ উশাহ আৰু নিশাহ লেখি লেখি শেষ নহয় তুমি হাহিছিলা মই লাজ পাইছিলো আইয়ে সিঁ দিয়া পতলুংৰ সীয়নি ফাটিছিল | সেই আলিবাট আজি নাই তই জানো খবৰ ৰাখ? কালি এখন চিঠি আহিছিল পিতায়ে লিখা এখন চিঠি কপা কপা হাতেৰে মই চিনিছিলো, আইয়ে কান্দিছিল পিতাইৰ হেনু টোপনিয়েই নাই ৰাতি হলেই হাতিজাক উজাই আহে উদং কৰে বুকুৰ সেউজীয়া কাঢ়ি নিয়ে হেপাঁহ | পিতায়ে কৈছিল... বোপাই তই কুশলে থাক মই উচুপিলো, খৰাং হ'ল বুকু সৰাপাত হৈ পৰিল চকুৰ পানী ঐয়া তই কথাবোৰ শুনিছনে? নৈৰ পাৰৰ চাপৰিটোও বোলে আজি নাই লুইতে খহাই নিলে মনকায়ে বেজাৰ কৰে... বৌজনীৰ বাবে সঁজা ঘৰটোৰ আজি চিন চাবেই নাই ঐয়া......

শামুকভঙাৰ গাথা

এটা কবিতা লিখাৰ হেপাঁহ বহুদিনীয়া যেন নেপালী কমাৰৰ কাঁচি খনৰ দৰেই চকচকীয়া দুটা কি তিনিটা পষেকেই আকাশৰ তল বাকিবোৰ দিন তাৰবাবে ৰসাতল হয়তোবা ধোৱাচাঙত গা টঙাই   আঘোনী দাৱনীক ৰান্ধনী হোৱা চায় | দাৱনী গাভৰুহলেতো কথাই নাই ম'হজোকেও বাৰেপতি মুৰদাঙি চায় | নদীৰ শামুকভঙাৰো কাহিনী একেটাই বুকপোৰা শলিতাই হেপাঁহৰ সন্ধিয়া উজলাই |

মাটিকলহ

মাটি কলহ এটা হোৱাৰ হাবিয়াসে মোক বাৰকৈয়ে বন্দী কৰি ৰাখিছে    সেইযে মাটি কলহটো তাৰ ব্যস্ততাই মোক বাৰুকৈয়ে চেপিছে বগা জোনটো ৰঙা বেলি হোৱাৰ আগৰে পৰা কলহটোৰ ব্যস্ততা বাঢ়ে | নদীলৈ যাব লাগে পানী টুকি সিজাব লাগে চাউল জাকৈয়া ছোৱালীৰ মেলত কলহটোৰ গুৰুত্ব বাঢ়ে কাৰোবাৰ বুকু পোৰা শলিতাৰ পৰা আৰম্ভ কৰি চেনাইৰ ৰূপ-যৌৱনৰ সাধুকথাত ভৰ দিয়ালৈকে মাটি কলহটোত লাহে লাহে পানী ভৰিয়েই থাকে নৈখনৰ ঢৌবোৰে সোণালী সূতাকাটে সৰাপাতে ঢৌৰ গাত গা লগাই আকৌ গাধূৱে | মাটিকলহটোৱে সৰাপাতবোৰলৈ চাই থাকে পানীভৰিলে মাটি কলহটো আকৌ নিজৰ ঠাইলৈ ঘূৰে | কনেঙহঁতৰ কঁকালত কিযে চিকুটা চিকুটি সি চাগে লাজৰ বনভোজ খাবও জানে | মাটিৰ কলহটো দেখিলে মোৰ বিৰাট ঈৰ্ষা তাৰ দৰে ব্যস্ত কেঁকুৰী এটাত মেঘৰ চিঠি এখন অহা হ'লে মই কিজানি বৰষুণেই হ'লোহেতেন |

সোঁৱৰণী

   নি:সংগতাৰ ভৰত কোঙা হ'ব খোজা বুকুখন    আজি আকৌ বিষাইছে |    গোজেই গজালী হোৱাদে    কিয় বাৰু আঁতৰি গৈছ     এখোজ দুখোজকৈ    তাতেই গুজিছিলি গোজটো    এতিয়া সি শিপাইছে    পুণৰাই নি:...

প্ৰিয়তমা নাৰী

মোৰ প্ৰিয়তমা নাৰী তুমি মৰমৰ হেন্দুলনীত দো খাই পৰা হৃদয়খনে আজি খৰকৈ উশাহ সলাইছে তোমাক পোৱাৰ বাসনাৰে ভাল লগাৰ পুলিবোৰ লহপহকৈ বাঢ়িছে... তোমাৰ যত্নত | আৰুযে আমাৰ সপোনবোৰ ! জা...