Posts

Showing posts from May, 2017

কিয়ইবা মোৰ এনে চেষ্টা!!

আকাশৰ জোন তই মই কেৱল চাবহে পাৰো, হুমূনিয়াহ পেলাই স্পৰ্শ কৰিব নোৱাৰো এয়া মোৰ ব্যৰ্থতা নহয় নহয় মোৰ বাবে তোৰ এয়া উপহাস ! এয়া তোৰ অহংকাৰ কেৱল তোৰ | তোৰ মনত পোহৰ সিচিব নোৱাৰো মই এয়া মোৰ ব্যৰ্থতা নহয় নহয় মোৰ হৃদয়হীনতা এয়া কেৱল তোৰ বিকল হৃদয়ৰ উন্মুক্ত অংশ | নাথাকিব পাৰে তোক বিশেষণ কৰাৰ মোৰ অধিকাৰ হ'ব পাৰে এয়া মোৰ বৃথা গান অথবা বিষন্ন গধূলী নাজানো কিয়ইবা মোৰ এনে প্ৰচেষ্টা!! পাহাৰৰ ওপৰেৰে বাগৰি অহা বতাহতো থাকে যৌৱনৰ গোন্ধ পষেকত জোনজনী গাভৰু হ'ল বুলিয়েই তয়ো বুলিবিনে "এয়া মোৰ পছোৱা অহা বাট"

আবেলি সজা ঘৰটো দেখিছ??

আশাৰ লানি নিছিগা শাৰী বব ধৰিছে যেন চেলা গিৰিপথৰ ভাৰতীয় সেনাৰ দলটোহে হেপাঁহবোৰে উকমুকাইছে |      আজিৰ আবেলিটো মোক লাগিব,    অলপ কাম আছে এটা ঘৰ সাজিম খটখটী লগা, মোৰ বুকুতে | ম...

এটা বিষন্ন গধূলিৰ কবিতা

এতিয়া মই গুণগুণাব খুজিলেও গুণগুণাব নোৱাৰো মোৰ প্ৰিয় গান, প্ৰিয় কবিতা চুইচাব খুজিলেও চুব নোৱাৰো নৈৰ পাৰৰ নিৰ্জনতা কিম্বা বাঁহ গছৰ তলেৰে সৰি পৰা আবেলিটো আচলতে,        বু...

তই মাজুলীৰ মিছিং ছোৱালী

তই মাজুলীৰ মিছিং ছোৱালী মিছা নহয় , আনৰ তুলনাত কিছু আজলী যৌবনে বুকুত আয়াং একুম সাজিলে তথাপি দেখোন গমেই নাপালি | তই নদীৰ জীয়াৰি শাঁওণ তোৰ বাবে চিনাকী আৰু চিনাকী খেকিয়কৰ ঘাম ...

সোণবাহী নৈবোৰ

সোণবাহী নৈবোৰে হেৰুৱাই আছে পানীৰ সুনীল স্বচ্ছতা পানীত প্ৰতিফলিত নহয় দিন ৰাতিৰ পাৰ্থক্য সৰ্বত্ৰ সিঁচৰতি ভণ্ডামি,অস্বচ্ছতা | বৰ্বৰৰ মত্ততাত হেৰাই যায় নৈয়ে বৈ অনা কবিত...

আজলী পথাৰখন

আজলী পথাৰখন ক্ৰমাত চঞ্চল হৈ পৰিছে নাঙলৰ সিৰলু আৰু বৰষুণৰ টোপালে যে তাইক পুষ্টি যাচিচে | পাটগাভৰু গাভৰু হোৱাৰ চঞ্চল কছৰতত নাঙলৰ গৰাকীৰ মুখখন বাৰুকৈয়ে উদ্ভাসিত হৈছে | দুদিনৰ পাছত তাই ভৰুণ হ'ব দুদিনৰ পাছত পাটগাভৰুজনী গাভৰু হ'ব নাঙলৰ গৰাকীৰ বুকুত হেপাহৰ কঠীয়া সিঁচি | তাইক চাবলৈ আমি যাম তেতিয়া আহিন-কাতিৰ দোমাহী দিনটোতে | আমাক সাক্ষী কৰি আবেলীৰ বেলিটোৱে তাইক অকণ বৈধ সেন্দুৰ যাঁচিব | ক্ৰমাত নাঙলৰ গৰাকীৰ বুকুত সিচা কঠীয়াবোৰ পূৰঠ হ'ব | লগে লগে আমাৰ এসময়ৰ গাভৰুজনীৰ গৰ্ভয়ো | ক্ৰমাত তাই যেন বুজন হৈ উঠিব নাঙলৰ গৰাকীৰ সপোনবোৰ দিঠক কৰাৰ তাইয়ে যে একমাত্ৰ জীৱন্ত প্ৰতিশ্ৰুতি | ক্ৰমাত নাঙলৰ গৰাকীৰ বুকুৰ কঠীয়াবোৰ সোণোৱালী হ'ব | আৰু হুমুনীয়াহবোৰ জীন যাব তেনে সোণোৱালী দৃষ্টিত | আমি আকৌ এদিন যাম সোণোৱালী মাতৃৰ সাদিনীয়া জাল দিয়া খাবলৈ | তেতিয়া সময় হ'ব নাঙলৰ গৰাকীৰ শেষ ঋতুত শেষ টোপাল ঘাম পেলোৱাৰ | আৰু আমি?? আমি মাথো চাই ৰম ক্ৰমাত লঠঙা হৈ অহা এসময়ৰ  চঞ্চল গাভৰুজনীলৈ | পুণৰাই বৰষুণৰ টোপাল আৰু নাঙলৰ সিৰলুৰ মিঠা স্পৰ্শ পোৱালৈ |

যোৱা নিশাৰ ডায়েৰী

"" যোৱা নিশা মোৰ ডায়েৰীৰ এটা পৃষ্ঠা হঠাতে ক'লা হৈ পৰিল | ঘিটমিটীয়া অন্ধকাৰত খুব সম্ভব মোৰ আগেৰে কলা মেকুৰী পাৰ হৈ গৈছিল, আপংৰ নিচাত গম নাপালো|""

দূৰণিৰ নীল সেই গাঁওখন

""দূৰণিৰ নীল সেই গাঁওখনলৈ এইবেলি সোনকালে আঘোণ আহিল-আহিনতে? এইবাৰ ব’হাগৰ ঢল নাহেনেকি? উজানৰ বগা মাছে ৰূপোৱালী নকৰে নিজৰা? আষাঢ়ৰ ক’লা মেঘ পাহাৰৰ সিপাৰে থাকিল৷ পাহাৰ ইমান ওখ! ওখনে মেঘতকৈও? ওখনে প্ৰেমতকৈও?""